Student Social Service Essay In Assamese , ছাত্র আৰু সমাজ সেৱা ৰচনা অসমীয়া , Assamese Essay

In this article we will discuss Student Social Service Essay In Assamese ,

ছাত্র আৰু সমাজ সেৱা ৰচনা অসমীয়া, Assamese Essay


Student Social Service Essay In Assamese ,  ছাত্র আৰু সমাজ সেৱা ৰচনা অসমীয়া , Assamese Essay
Student Social Service Essay In Assamese ,  ছাত্র আৰু সমাজ সেৱা ৰচনা অসমীয়া , Assamese Essay


Student Social Service Essay In Assamese :

Hello Students , In this article we will discuss 

In this article we will discuss Student Social Service Essay In Assamese ,

ছাত্র আৰু সমাজ সেৱা ৰচনা অসমীয়া, Assamese Essay. 


ছাত্র আৰু সমাজ সেৱা

মানুহ সামাজিক জীৱ। সমাজক বাদ দি মানুহ থাকিব নােৱাৰে। সমাজৰ উন্নতি হলে ব্যক্তিৰাে উন্নতি হয়। যি কামে সমাজৰ হিত সাধন কৰে, সেই কামে ব্যক্তিৰাে হিত সাধন কৰে। সমাজ দূষিত হলে ব্যক্তিগত জীৱনাে দোষমুক্ত হ'ব নােৱাৰে। সেই কাৰণে সমাজৰ সেৱা কৰা ব্যক্তি মাত্ৰৰে কৰ্তব্য। ছাত্ৰসকলাে সমাজৰ অংশ বিশেষ। সমাজৰ প্রতি ছাত্রৰাে কৰিবলগীয়া আছে।


আমাৰ দেশ বৰ পিছ পৰা। ইয়াৰ অধিকাংশ লােক গাঁৱত বাস কৰে। এওঁলােক প্রায়ে অশিক্ষিত। এওঁলােকৰ মানত ছাত্ৰসকলেই শিক্ষিত লােক। গাঁৱলীয়া লােকে ছাত্রক শিক্ষিত লােকৰ সন্মান দিয়ে আৰু আপােন মানুহৰ নিচিনাই ছাত্ৰৰ মংগল আৰু কৃতকার্যত কামনা কৰে। ইয়াৰ বিনিময়ত ছাত্ৰসকলে তেওঁলােকৰ কিছু সেৱা কৰা নিতান্ত উচিত।


ছাত্র প্রধান কাম অধ্যয়ন। অধ্যয়নৰ হানি হ’ব পাৰে, এনে কাম ছাত্রই কৰিব। নালাগে, কিন্তু অধ্যয়নত বিঘিনি নােহােৱাকৈ ছাত্রই সমাজৰ হিত কাম কিছু কৰিব পাৰে।সেইবাবে আজি-কালি স্কুল-কলেজৰ ছাত্ৰ-সভাবােৰত ‘Social service ' বা সমাজ-সেৱা বিভাগৰৰ দিহা কৰা গৈছে। এ. চি. চি.,এন. চি. চি আৰু স্কাউট গাইড আদিও একপ্ৰকাৰ সমাজ-সেৱাৰে অনুষ্ঠান। স্কুল-কলেজৰ বাহিৰতাে আজি-কালি ছাত্ৰসকলৰ মাজত বিভিন্ন কিন্তু এই সংগঠনবােৰে ৰাজনীতি বিষয়ত যিমান গুৰুত্ব দিয়ে, সমাজ-সেৱাত সিমান গুৰুত্ব দিয়া দেখা নাযায়। অৱশ্যে যদি ক'ৰবাত কোনাে ছাত্র-অনুষ্ঠানে সমাজ-সেৱাত গুৰুত্ব দিছে, তেনেহ'লে কৃতকার্য নােহােৱাকৈও থকা নাই। আমাৰ অসমতাে জাতীয় জীৱনৰ অগ্ৰগতিত ছাত্ৰসকলেই আগভাগ লৈ আহিছে। এসময়ত অসম ছাত্র- সন্মিলনে সমাজ সেৱাৰ কামত যি অৰিহণা যােগাইছিল, তাৰ তুলনা নাই।



আমাৰ দেশত প্রাকৃতিক দুর্যোগ, মাৰি-মৰক আদি সঘনে হৈ থাকে। এইবােৰৰ প্ৰক্ৰিাৰ আৰু প্রতিবিধানৰ বিষয়ে সর্বসাধাৰণ লােকৰ কোন জ্ঞান নাই। ছাত্ৰসকলে সেইবােৰৰ বিষয়ে মানুহক উপদেশ দিব পাৰে,ছাত্ৰসকলে দান-বৰঙণি তুলি দুর্গতসকলক সাময়িকভাৱে সাহায্য আগবঢ়াব পাৰে। নিজৰ শ্ৰম দানেৰেও ছাত্ৰসকলে বহুত কাম কৰিব পাৰে।বিশেষকৈ গাঁৱত আলি-পদূলি, বাট-ঘাট-পুখুৰী আদিৰ মেৰামতি আৰু সংস্কাৰৰ কামত সহায় কৰিব পাৰে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উপদেশ দিব পাৰে। আকস্মিক দুর্ঘটনাত প্রাথমিক

চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰে। গাঁৱৰ প্ৰায়ভাগ মানুহেই নিৰক্ষৰ। স্কুল-কলেজ বন্ধৰ সময়ত

ছাত্ৰসকলে নিৰক্ষৰ মানুহবােৰক শিক্ষাদানৰ ব্যৱস্থা কৰিব পাৰে। গাঁৱত পুথিভঁৰাল আদি

পাতি অধ্যয়নৰ বাতাৱৰণ সৃষ্টি কৰিব পাৰে। মুষ্টি-ভিক্ষা আদি তুলি তাৰে দুখীয়া লােক

আৰু দুখীয়া ছাত্রক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব পাৰে। প্রাকৃতিক দুর্যোগ আৰু মাৰি-মৰকৰ

সময়ত ৰােগীৰ শুশ্রুষাও কৰিব পাৰে। এইবােৰ কামত ছাত্ৰৰ পঢ়া-শুনাৰ তেনে বিশেষ

অসুবিধা নহয়, অথচ ৰাইজৰা বৰ উপকাৰ হয়। কিন্তু এই কামবােৰ গুটীয়াভাৱে নকৰি

দলৱদ্ধ হৈকৰিলে বেছি উপকাৰ পােৱা যায়।ইয়াৰপৰা পৰস্পৰৰ মাজত সহযােগিতাৰ ভাব

উপজি ছাত্ৰসকলৰ একতাৰ বান্ধো কপ্কপীয়া হ'ব।



সমাজ-সেৱা এটা মহৎ কাম। জীৱৰ সেৱাই শিৱৰ সেৱা বুলি আমাৰ শাস্ত্ৰত কোৱা

আছে। অনেক মহাপুৰুষেও সমাজ-সেৱা কৰি আদৰ্শ থৈ গৈছে। মহৎ লােকে অকল নিজৰ

কাৰণে বা নাম-যশস্যাৰ কাৰণে কাম নকৰে। দেশ আৰু দহৰ কাম কৰিহে তেওঁলােকে

ভাল পায় । সৎ কামৰপৰা নাম-যশস্যা হ’বই। সমাজ-সেৱাই পৰস্পৰৰ মাজত প্রেম

আৰু ভ্রাতৃত্বৰ ভাব জগাই তােলে। বিপদগ্রস্ত বা দুর্গতক সহায় কৰাৰ নিচিনা মহৎ কাম

একোৱে নাই।


ছাত্ৰসকলে নিজকে দায়বদ্ধ বুলি বিৱেচনা কৰি পৰিকল্পিতভাৱে সমাজ-সেৱাৰ কাম কিছু কৰিবলৈ আগবাঢ়ি অহা উচিত। সমাজ সেৱাৰ কামে মানুহক উদাৰ ভাবাপন্ন কৰি ।মহৎ হ’বলৈ শিকায়। যি ছাত্ৰৰ অন্তৰত সৰুতেই সমাজ-সেৱাৰ বীজ অংকুৰিত হয়,পৰৱর্তী জীৱনতাে তেওঁৰপৰা দেশে মহৎ সেৱা যে পাব ই ধুৰূপ। সৰুৰেপৰা অন্তৰত ।



সমাজ-সেৱাৰ ভাব জগাব পাৰিলে পৰৱর্তী জীৱনত সমাজৰ অন্যায় কৰিবলৈ স্বভাৱতে সংকুচিত হ'ব। সেইবাবেই সমাজ-সেৱাৰ আদর্শ সৰুৰেপৰাই ছাত্ৰসকলৰ অৰত জাগৰিত কৰা উচিত।




0 Comments