Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

In this article we will discuss Class 8 Question Answer Assamese, নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer. 


Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer
Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer   


Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ: Are you a student of class 8 of Assam? In this article we will discuss Class 8 Question Answer Assamese, নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer



    SEBA Class 8 Assamese Lesson Question Answer, নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ



    প্রশ্ন ১ : কবিতটা শুদ্ধকৈ পঢ়া আৰু আবৃত্তি কৰা।
    উত্তৰঃ,তােমালােকে নিজে নিজে কৰিবলৈ যত্ন কৰা।

    প্রশ্ন ২। উত্তৰ দিয়া;
    (ক) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে ?
    উত্তৰঃমুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক কৈছে। মুকুতা সদৃশ নিয়ৰৰ কণিকাবােৰ
    কাহিলিপুৱাতে ঘাঁহ-বনৰ ওপৰত জিলিকি থাকি অনাবিল সৌন্দর্যৰ সৃষ্টি কৰে।

    প্রশ্ন (খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
    উত্তৰঃকবিয়ে নিয়ৰৰ টোপালত বিভিন্ন ৰূপত কল্পনা কৰিছে। নিয়ৰ টোপাল হৈছে ফটিক পানীৰে ধােৱা
    মুকুতা মণি, নিশা ফুলনিত নৃত্যতা তকীৰ ডিঙিৰ পৰা ছিগি পৰা মণি অথবা ই হৈছে পুৱাৰ
    পােহৰত সেমেকি উঠা একোটোপাল চকুপানী।


    প্রশ্ন (গ) নিয়ৰে হিয়াত কি সাঁচি থােৱাৰ কথা কৈছে ?
    উত্তৰঃকবিয়ে নিয়ৰৰ টোপালত অপূর্ব সৌন্দৰ্যৰ আধাৰ থকা বুলি কল্পনা কৰিছে। নিয়ৰৰ টোপালে
    যেন নিস্তব্ধ নিশাৰ আকাশৰ সকলাে দুখ হিয়াত সাঁচি থয়। নিস্তব্ধ নিশাৰ সকলাে সপােন, হাঁহি-
    কান্দোনে যে নিয়ৰ হিয়াত ক্রিয়া কৰে।

    প্রশ্ন (ঘ) ফুলনিত কি ছিগি ৰৈ গল ?
    উত্তৰঃনিশাৰ ফুলনিত কোনােৱা নর্তকীয়ে নৃত্য কৰিছিল। নাচৰ চেওত নর্তকীৰ ডিঙিৰ মণি ছিগি
    পৰিছিল। সেই ছিগা মণিয়েই নিয়ৰৰ টোপালৰূপে ফুলনিৰ মাজত ৰৈ গৈছিল।

    প্রশ্ন (ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে ?
    উত্তৰকবিয়ে নিয়ৰৰ টোপালত অনবদ্য ৰূপৰ কল্পনা কৰিছে। ফটিক পানীৰে ধােৱা নিয়ৰৰ
    টোপালবােৰ হৈছে নিশাৰ আকাশত টোপনি গৈ থকা এটি তৰা। নিদ্ৰাৰত অৱস্থাত তৰাটো যেন
    সবগৰ পৰা সৰি পৰিছে আৰু পৃথিৱীত ই নিয়ৰৰ টোপালৰ ৰূপ লৈছে।

    Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

    প্রশ্ন ৩ । কবিতাটোৰ মূলভাৱ লিখা
    উত্তৰঃকবিতাটোৰ মূলভাৱ ও সৌন্দর্যপিয়াসী ৰােমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই ‘নিয়ৰ
    কবিতাটোৰ দ্বাৰা প্ৰকৃতিৰ অতি সাধাৰণ বস্তুক অসাধাৰণ ৰূপত উপস্থাপন কৰিছে। নিয়ৰ
    টোপাল হৈছে ফটিক পানীৰে ধােৱা এটি মুকুতা মণি, নিশাৰ আকাশত নিদ্ৰাৰত তৰাসমূহে যেন
    টোপনিৰ জালত আকাশৰপৰা সৰি পৰি নিয়ৰৰ টোপালৰ ৰূপ লৈছে। নিয়ৰ টোপালৰ হৃদয়ত
    যেন নিজম নিশাৰ বিভিন্ন সুখ-দুখ, হাঁহি-কান্দোন সঞ্চিত হৈ আছে। নিয়ৰৰ টোপাল হৈছে।
    নিশাৰ ফুলনিত নৃত্যৰতা কোনােৱা নর্তকীৰ ডিঙিৰপৰা ছিগি ৰােৱা একোটা মণি অথবা ই হৈছে
    পুৱাৰ পােহৰত সেমেকি উঠা একো'টোপাল চকুপানী। এইদৰে কবিয়ে নিয়ৰৰ টোপালক বিভিন্ন
    ৰূপত কল্পনা কৰিছে।

    প্রশ্ন ৪। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবােৰৰ অর্থ লিখা।
    উত্তৰঃ
    শব্দ অর্থ
    ফটিক : নির্মল, স্বচ্ছ, এবিধ বৰ বগা নিমজ পাথৰ
    শােভা : শােভা কৰে।
    হেঙুলি : হেঙুলৰ নিচিনা ৰঙা।
    নিজম : নিঃশব্দ, নিস্তব্ধ, নীৰৱ।
    নিচুক : নির্মল, স্বচ্ছ

    প্রশ্ন ৫ : প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা:
    উত্তৰ : উক্ত কবিতা টি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাটোৰপৰা
    উদ্ধৃত কৰা হৈছে। 

    Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

    সৌন্দর্যপিয়াসী কবি চন্দ্ৰকুমাৰ আগৰৱালাই প্রকৃতিৰ অতি সাধাৰণ
    বস্তুবােৰত অসাধাৰণ সৌন্দর্যৰ কল্পনা কৰিছে। নিশাৰ নিয়ৰৰ টোপালক ফটিক পানীৰে ধােৱা
    মুকুতাৰ লগত তুলনা কৰিছে। কবিৰ কল্পনাত, নিয়ৰ কণাৰ হৃদয়ত নিস্তব্ধ নিশাৰ আকাশৰ
    বিভিন্ন সুখ দুখৰ কথা সঞ্চিত হৈ আছে। নিশাৰ আকাশৰ বিভিন্ন ধৰণৰ সপােন, হাঁহি কান্দোন
    আদি নিয়ৰে হিয়াত সাঁচি ৰাখিছে। এইদৰে কবিৰ কল্পনাত সাধাৰণ নিয়ৰৰ টোপালবােৰ এক
    অনবদ্য ৰূপত উদ্ভাসিত হৈ উঠিছে।

    প্রশ্ন ৬ : পাঠৰ পৰা অন্ত্য মিল থকা শব্দবােৰ লিখা।
    উদাহৰণ: ধােৱা - যােৱা
    উত্তৰঃ
    সাঁচি - নাচি
    মণি - এইকণি
    ভাহি - পাহি

    খ: ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

    প্রশ্ন ৭। উল্লিখিত শব্দবােৰৰ সমার্থক শব্দ লিখা।
    উত্তৰঃ
    নিদ্রা : সপােন
    বেলি : সূৰ্য
    পানী : জল
    ফুল : পুষ্প
    নিশা : ৰাতি
    আকাশ : গগণ
    চকু : অক্ষি

    প্রশ্ন ৮। বিপৰীত অর্থ বুজোৱা শব্দলখা
    উত্তৰঃ
    ছিগা : জোৰা লগােৱা
    পুৱা। : নিশা
    নিজম : কোলাহল
    সৰগ : নৰক
    দিন। : ৰাতি
    হাঁহি : কান্দোন

    প্রশ্ন ৯। বাক্য ৰচনা কৰা
    মুকুতা, পাহি, শােভে, নিচুক, ফুলজুপি, ফটিক।
    উত্তৰঃ
    মুকুতা – সাগৰীয় শামুকৰ পেটত মুকুতা পােৱা যায়।

    Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

    পাহি: নিশাৰ নিয়ৰৰ কথাবােৰ ফুলৰ পাহিত পৰি জকমকাই আছে।
    শােভে : নিশাৰ আকাশত যিদৰে জোনবায়ে শােভে সেইদৰে গকুলত শ্রীকৃষ্ণই শােভাবর্ধন
    কৰে।
    নিচুক – সন্ধিয়াৰে পৰা কান্দি কান্দি ভাগৰ লগাত ল'ৰাটোৱে এতিয়া নিচুকিব ধৰিছে।
    ফুলজুপি-মলয়া বতাহত ফুলজুপি হালিজালি নাচিব ধৰিছে।
    ফটিক : জোনাক ৰাতি প্রকৃতিয়ে ফটিকৰ দৰে ৰূপ ধাৰণ কৰে।


    জানি থােৱা ভাল

    মুকুতা মণিটি
    ফটিক পানীত ধােৱা,
    নিশাৰ তৰা এটি সৰিয়েহে আছে
    সৰগত টোপনি যােৱা

    উক্ত কবিতাকিত থকা মুকুতা, মণি, ফটিক, পানী, নিশা, সৰগ আদি শব্দবােৰ মূলত সংস্কৃত
    ভাষাৰপৰা অহা। এই শব্দবােৰৰ ভিতৰত মণি আৰু নিশা শব্দ দুটাৰ ৰূপ অলপাে সলনি
    নােহােৱাকৈ সংস্কৃতৰপৰা অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। আনহাতে মুকুতা, ফটিক, তৰা, সৰগ
    আদি শব্দ সংস্কৃতৰ মূল। ৰূপ মুক্তা, স্ফটিক, তৰা, স্বর্গ আদি শব্দবােৰৰপৰা অলপ সলনি হৈ
    অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে।

    সংস্কৃতমূলীয় শব্দবােৰক প্ৰধানকৈ তিনিটা ভাগত ভাগােৱা হয়। সেই ভাগ তিনিটা হল-
    ১। তৎসম ২ । অর্ধতৎসম আৰু ৩। তদ্ভৱ।
    ১। তৎসম : যিবােৰ শব্দ সংস্কৃতৰ পৰা পােনে পােনে আহি অসমীয়া ভাষাত ' ব্যৱহাৰ হৈছে,
    সেইবােৰক তৎসম শব্দ বােলে। তৎসম শব্দবােৰৰ ৰূপ এতিয়াও সংস্কৃতৰ দৰে আছে যদিও
    অসমীয়াত সেইবােৰৰ উচ্চাৰণ কিছু সলনি হৈছে।
    তৎসম শব্দৰ উদাহৰণ:
    সংস্কৃত ৰূপ : অসমীয়া তৎসম ৰূপ
    আকাশ : আকাশ
    অশ্ব : অশ্ব
    বংশ : বংশ।
    বর্ণ : বর্ণ
    দীর্ঘ. : দীর্ঘ
    জীৱন : জীৱন

    Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

    ২। অর্ধতৎসম: যিবোৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সােমাই শব্দবােৰ ভাঙি
    উচ্চাৰণ সৰল কৰা হয় আৰু লিখােতেও সেইবােৰ শব্দ অসমীয়া উচ্চাৰণতে লিখা হয়,
    সেইবােৰক অর্ধতৎসম শব্দ বােলে।।
    অর্ধতৎসম শব্দৰ উদাহৰণ:
    সংস্কৃত ৰূপ : অসমীয়া ৰূপ
    ভক্তি : ভকতি
    মুক্তা : মুকুতা
    স্নেহ : চেনেহ
    প্রীতি : প্ৰীৰিতী

    ৩)তদ্ভৱ : যিবােৰ সংস্কৃত শব্দ পৌনে পােনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈ পালি, প্রাকৃত
    আদিৰ মাজেৰে সৰলীকৃত হৈ অসমীয়া ভাষাত সােমাইছে, সেইবােৰক তদ্ভব শব্দ বুলি কোৱা
    হয়।
    সংস্কৃতৰ দৰে ইংৰাজী ভাষাৰ অনেক শব্দই অসমীয়া ভাষাত প্ৰৱেশ কৰি অসমীয়া ভাষা
    শব্দভাণ্ডাৰ চহকী কৰিছে। এই শব্দসমূহৰ কিছুমান তৎসম শব্দৰ দৰে পােনে পােনে অথা
    হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে সৰলীকৃত হৈ অসমীয়া ভাষাত প্ৰৱেশ
    কৰিছে। এই শব্দসমূহ বৰ্তমান অসমীয়া শব্দ যেন হৈ পৰিছে
    যেনে—
    ইংৰাজী শব্দ
    স্কুল
    ইঞ্জিন
    স্কুল
    ইঞ্জিন
    ডাক্তৰ
    গ্লাচ
    জেইল,
    গিলাচ
    জেল,

    প্রশ্ন ৯। দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে
    ভাগে লিখা।
    উত্তৰ : আমি দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ : 
    শিক্ষা সম্পর্কীয় : স্কুল পেন, পেঞ্চিল, প্লেট, ৰাবাৰ, প্রফেচাৰ, মাষ্টৰ, প্রাইমেৰী, প্রিন্সিপাল,
    ডেক্স, বেঞ্চ, কলেজ ইত্যাদি
    খেল সম্পর্কীয় – ফুটবল, ভলীবল, হকি, ক্রিকেট, বেডমিণ্টন।
    যানবাহন সম্পর্কীয় : ৰেল, মটৰ, ৰিক্সা, বাইচাইকেল, বাচ, ট্রেন, স্কুটাৰ ইত্যাদি।
    পােছাক-পাতি – স্কার্ট, টপ, চার্ট, পেন্ট, কোট, লংপেণ্ট ব্লাউজ, জেকেট, চুৱেটাৰ ইত্যাদি।

    Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

    আচ-বাব – বেড়, আলমিৰা, টেবুল, চেয়াৰ, মিটচেফ, ৰেফ্রিজেক্টেৰ, টেলিভিচন, কম্পিউটাৰ
    ইত্যাদি।
    বাচন-বৰ্তন – কাপ, প্লেট, পুন, চচপেন, প্রেচাৰকুকাৰ, ফ্রাইপেন, জাগ, জাৰ, কি, মিল্ক, কুকাৰ,ৰাইচ কুকাৰ ইত্যাদি।

    প্রশ্ন ১০| এটা শব্দত প্ৰকাশ কৰা :
    (ক) যি আনং উন্নতি দেখিব নােবাৰে |
    (খ) একে মকৰ সন্তান |
    (গ) যাৰ ঘৰ বাৰী নাই |
    (ঘ) যিজনে ভাল বেয়াৰ বিচাৰ কৰিব নােৱাৰে |
    (ঙ) যি আগেয়ে হােৱা নাই |
    উত্তৰঃ
    (খ) সহােদৰ,
    (গ) অঘৰী,
    (ঘ) অবিৱেচক,
    (ঙ) অভূতপূর্ব।


    প্রশ্ন ১১। নিয়ৰ'কবিতাটিত পােৱা তথা তাকাশ, পানী, কথা, হিয়া, সপােন, - চকু আদি
    শব্দ যুক্ত হৈ গঠিত খণ্ড বাক্যবােৰেৰে ৰচনা কৰা।
    উত্তৰঃ
    তৰা-নৰা-ছিঙি (বৰকৈ বেগাই,) সি ইমান বেগাই যে উজুটিত নৰা-ছিঙি লৰ মাৰি কোনাে মতেহে ৰেলগাড়ীখন ধৰিলে।

    আকাশত চাংপতা – (অস্বাভাৱিক কল্পনা) এই দৰে আকাশত চাং পাতি ফুৰাতকৈ হাতে-কামে কৰি দুপইচা উপার্জন কৰাও ভাল।
    পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত
    পানী তলৰ কাঁইট (নেদেখা বিপদ, অজ্ঞাত শত্রু)
    নানা ধৰণে বিপদ ঘটায়।
    কথা চহকী (বেছিকৈ কথা কোৱা লােক) : কথা চহকী লােকে অমূল্য সময় অবাবত নষ্ট কৰে।
    হিয়াৰ আমঠু – (অতি আদৰৰ) - বিহু অসমীয়া জাতিৰ হিয়াৰ আমঠু স্বৰূপ৷
    অলীক সপােন (অমূলক কল্পন)—অলীক সপােন দেখি অবাবত সময় নষ্ট কৰা উচিত
    নহয়।
    চকু চৰহা : (লােকৰ ভাল দেখিব নােৱাৰা) – চকু চৰহা লােকে জীৱনত উন্নতি কৰিব নােৱাৰে।


    Conclusion 

    Dear students, we hope this Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer article helps you with your Class 8 Exam preparation. We keep posting good articles for you guys every day like this so that you can be well prepared for your exams. In this post, just as we talked about the Class 8 Question Answer Assamese | নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer, we will also talk about the others years' SEBA Class 8 Question Paper in the upcoming post as well. Thanks For Visit Our Blog.


    0 Comments