Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

In this article we will discuss Class 8 Question Answer Assamese, যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer. 

Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer
Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer


Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ : Are you a student of class 8 of Assam? In this article we will discuss Class 8 Question Answer Assamese, যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ  | SEBA Class 8 Assamese Lesson Question Answer



    SEBA Class 8 Assamese Lesson Question Answer. যুগমীয়া শৰাইঘাট 


    প্রশ্ন ১। পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া।

    উত্তৰ

    (তােমালােকে নিজে পঢ়িবা।)

    প্রশ্ন ২। উত্তৰ ,

    (ক) অতীত শৰাইঘাট ৰ সমস্যাবোৰ

    কি আছিল ?

    উত্তৰঃ

    অতীত শৰাইঘাটৰ সমস্যাবােৰ আছিল সামৰিক। চুবুৰীয়া দেশসমূহৰ লগত যুদ্ধ-বিগ্রহ আদিয়ে

    সেই সময়ত প্রধা সমস্যা ৰূপে দেখা দিছিল।

    (খ) বর্তমান শৰাইঘাটৰ সমস্যাবােৰ কি কি

    উত্তৰঃ

    বর্তমান শৰাইঘাটৰ সমস্যাবােৰ হৈছে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক।

    (গ) ৰামসিংহ কোন আছিল ?

    উত্তৰঃ

    ৰামসিংহ ৰাজপুতসকলৰ ৰজা আছিল। শৰাইঘাটৰ যুদ্ধত ৰামসিংহই মােগলসকলৰ প্রতিনিধি

    কৰিছিল।

    Download Chhota Bheem Movie

    (ঘ) তেওঁ কিয় অসমলৈ আহিছিল ?

    উত্তৰঃ

    তেওঁ মােগলৰ হৈ অসমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল।

    (ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?

    উত্তৰ

    শৰাইঘাটৰ ৰণ আহােম আৰু মােগলৰ মাজত হৈছিল।

    (চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল ?

    উত্তৰঃ

    লাচিতৰ অধীনত এক লাখ সৈন্য আছিল।

    Chhota Bheem: Kung Fu Dhamaka Full Movie Download 

    Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer


    (ছ) মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি ?

    উত্তৰঃ

    মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কোৱামৃদ্ধা হাজৰিকা।



    (জ) 

    সেনাপতিক চৰাই খােজাৰ দায়িত্ব লাচিত বৰফুকনে কাক লােৱা লগাই থৈছিল

    উত্তৰঃ

    মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লােৱা লগাই

    থৈছিল।

    (ঝ) ৰজা ৰামসিংহই বীৰ ল চৰ্তক ফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল ?

    উত্তৰঃ

    ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত নিজ সৈন্য শক্তিৰ পৰিচয় দিব খুজিছিল।


    (ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উ ৰামসিংহলৈ কি পঠিয়াইছিল ?

    উত্তৰঃ

    লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচঙা বালি পঠিয়াইছিল।

    Chhota Bheem And The Curse of Damyaan Full Movie Download In Hindi & Tamil

    Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer


    প্রশ্ন ৩) পাঠটোত থকা কঠিন শব্দবােৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই জানি লোৱা


    শব্দ - অৰ্থ

    যুগমীয়া - এক যুগ যােৱা, বহুকাল থকা

    সামৰিক - সমৰ সম্পৰ্কীয়

    লম্ভি - সঙোৰ খাই থকা

    চিৰন্তন - চিৰকলীয়া, পুৰণি কালৰেপৰা থকা

    মনােবৃত্ - মনৰ ক্রিয়া

    হৃদয়ংগম - মনত লগা।

    এনয় - এনেকুৱা

    গড় - মাটিৰ ওখ টিপ

    মৃত্যুপণ - মৰণ ,প্রতিজ্ঞা

    সুচিন্তিত - সৎ চিন্তা কৰা

    বিচক্ষণ - পাৰ্গত

    নিয়মাণুৱতিতা : নির্দিষ্ট নিয়ম মানি চলা

    ৰণ বা যুদ্ধ কৰা লােক

    নি্ৰভিকি : ভয়হীনতা, দৃঢ়তা

    আত্মকল : নিজৰ ভিতৰত হােৱা কাজিয়া পেচাল

    উৎপাটন : খান্দি পেলােৱা-কার্য, গুৰি গছ উখালি পেলােৱা কার্য,

    আহিলা-পাতি : সা সজুলি

    এক তিলাে : অলপমানো

    বিচলিত : অস্হিৰ


    Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer

    Chhota Bheem Journey To Petra Full Movie Download In Tamil & Hindi


    প্রশ্ন ৪) পাঠত থকাৰ দৰে সংলাপবােৰ লিখা।

    (ক) কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ

    চেষ্টা কৰা সময়ত জুৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল ?

    উত্তৰঃ

    কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা

    সময়ত জুৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক চিঞৰি কৈছিল, “অসমীয়া

    ৰণুৱাসকল, মই খুঁজিহে মৰিম। চিলা পর্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছে। তাতে মােৰ শটো

    থ'বা, নাইবা মাের্ক রঙালে ধৰি লৈ যাওঁক, তােমালােকে সুখেৰে ঘৰলৈ উভতি যােৱা।”


    (খ) তসম এৰি যােৱাৰ সময়ত ৰা সিংহই অসমক প্রশংসা কৰি কি কৈছিল ?

    উত্তৰ:

    অসম এৰি যােৱাৰ সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কৈছিল, “ধন্য ৰজা, ধন্য মন্ত্রী,

    ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলাে সৈন্য চলায়, ই কি আচৰিত। মই হেন

    ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ!”


    (গ) কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল- বুলি বীৰ লাচিত বৰফুকনে

    কামাখ্যা গােসানীলৈ সেৱা কৰি কি ঘােষণা কৰিছি

    উত্তৰঃ

    কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা

    গোঁসানীলৈ সেৱা কৰি ঘােষণা কৰিছিল, “যুদ্ধৰ কামত পাছ হহকিলে মই এই হেংদানেৰে

    দুডােখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম।”


    Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer


    (ঘ) বৰ আই কুৱৰীয়ে কাপােৰৰ আঁৰৰপৰা স্বাদেউক কি উপদেশ ছিল

    উত্তৰঃ

    বৰ আই কুঁৱৰীয়ে কাপােৰৰ আঁৰৰপৰা স্বৰ্গদেউক এই বুলি উপদেশ দিছিল, “বৰফুকনৰ কথা

    মানি চলিলেহে যুদ্ধত জয়লাভ ই'ব। ফুকনৰ কথা নজিলে আমাৰ পৰাজয় হােৱাটো নিশ্চয়।”


    Alos ReadAssamese নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ


    প্রশ্ন ৫) বহলাই লিখা

    (ক) যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও আৰু কিহৰ প্রয়ােজন আছে লিখা।

    উত্তৰ:

    যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও আন বহুতাে প্রয়ােজন আছে। অকল যুদ্ধ সামগ্ৰীৰে

    যুদ্ধ জয় কৰিব নােৱাৰি। যুদ্ধৰ কাৰণে আহিলা পাতিৰ প্ৰয়ােজনতকৈ অধিক প্রয়ােজন হৈছে।

    সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ স্বাৰ্থহীন মনােবৃত্তি, কর্মনিষ্ঠতা, যুদ্ধ জয়ৰ বাবে উত্রাবল অথচ

    নিশ্চিত অভিলাস, সুচিন্তিত আঁচনি আৰু বিচক্ষণ সংগঠন।


    (খ) সেনাপতি কোৱা হাজৰিকাই কি কৌশলেৰে মােগল সৈন্যৰ মাজৰ পৰা সাৰি

    আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা

    উত্তৰঃ

    শৰাইঘাটৰ যুদ্ধত কোৱাদ্ধা হাজৰিকা নামে এক অসমীয়া সেনাপতি আছিল আৰু তেওঁ

    ব্রক্ষপুত্ৰত নাওত উঠি মােগল সৈন্যৰ লগত যুদ্ধ কৰিছিল।

    মােগল সৈন্যই কোৱাদ্ধা হাজৰিকাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ

    ক'লে। কোৱামৃদ্ধাৰ নাওখনৰ চাবিওপিনে মােগল সেনাব নাও। কোৱামৃদ্ধা হাজৰিকাই ক'লে

    –“মই নাচিম। ঢােল-মৃদংগ-খঞ্জৰী নাই, তােমালােকে চাপৰি মাৰা। তেতিয়া মােঘল সৈন্যবােৰে

    নাও বৈঠাৰ পৰা হাত এৰি চাপৰি মাৰিবলৈ ধৰিলে। কোৱাদ্ধা হাজৰিকাই নিজৰ নাও বৈঠাক টিপ

    দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোৰাবলৈ। হাজৰিকাৰ নাচোনৰ ছেও দেখি মােগল সৈন্য

    মচণ্ডল হল। সেই ছেগতে কোৱামৃদ্ধাৰ নাওখন মূৰ তিয়াই সাঊৎকবে আঁতৰি গ'ল। মােগল

    সেনাই বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যাে-জা কৰােতেই হাজৰিকাৰ নাও নিজ ঠাই

    পালেগৈ। এনেদৰে কৌশল কবি কোৱাদ্ধা হাজৰিকাই সৈন্যৰ মাজৰপৰা আহিবলৈ সক্ষম

    হৈছিল।


    Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer



    (গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ লিখা।

    উত্তৰঃ

    শৰাইঘটিৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল-সুচিন্তিত আঁচনি, সৈন্যসকলৰ বিচক্ষণ সংগঠন,

    শৃংখলামূলক আয়ােজন, সুদৃঢ় নিয়ামানুৱৰ্তিতা, বিপদত ধৈর্য, সংকটত নির্ভীকতা, দুনীর্তি দমন,

    দেশৰ মঙ্গল কার্যত সম্পূর্ণ আত্মনিয়ােগ, স্বার্থত্যাগ আৰু আত্মকল নােহােৱা কৰা আদি।

    এনেবােৰ কথাৰ । বাবে শৰাইঘাটৰ যুদ্ধত অসম বিজয়ী হৈছিল।




    প্রশ্ন ৬। প্রসঙ্গ-সঙ্গতি দশাই বুজাই লিখা

    (ক) অগ্নি, সর্প আৰু প্রলােভন-এই তিনি একেধৰণেৰে বিষাক্ত।

    উত্তৰঃ

    কথাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ডঃ সূর্যকুমাৰ ভূঞাই ৰচিত “যুগমীয়া শৰাইঘাট' নামৰ

    পাঠটোৰপৰা লোৱা

    হৈছে।

    জুই, সাপ আৰু প্রলোভন—একেধৰণৰে বিষাক্ত বুলি কোৱা হৈছে কাৰণ

    তিনিওটাই সাংঘাতিক ধৰণৰ অনিষ্ট কৰিব পাৰে। জুইৰ ফিৰিঙতিৰপৰা খাণ্ডৱ বন দাহ হােৱাৰ

    কথা শাস্ত্ৰত উল্লেখ আছে। সেইদৰে সাপাে একেধৰণৰ বিষাক্ত। ফেঁটীসাপ আৰু ছয় আঙুলীয়া

    খন্তীয়া সাপ দুয়ােটাই প্রাণহানি কৰিব পাৰে৷ সেইদৰে প্রলােভনেও মানুহৰ নিজৰ আৰু সমাজৰ

    অশেষ অন্যায় কৰিব পাৰে। প্রলােভন সর্প এবাৰ যুদ্ধ শিৱিৰত সােমালে সর্বনাশ সংঘটিত

    হােৱাটো ধূৰূপ। প্রলােভনত পৰি মানুহে গােপন তথ্য প্রকাশ কৰিব পাৰে, ফলস্বৰূপে

    শত্রুপক্ষই অন্যায় কৰাত সহায়ক হয়। সেয়ে কোৱা হয় অগ্নি, সর্প আৰু প্রলােভন একেধৰণৰ

    বিষাক্ত।


    Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer


    (খ) বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আট হাটা মানুহক শিঙিয়ে বিন্ধে।


    উত্তৰঃ

    উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ড’ সূর্যকুমাৰ ভূঞাই লিখা যুগমীয়া শৰাইঘাট'

    নামৰ পাঠটোৰপৰা লােৱা হৈছে। - ইয়াত লিখকে যুদ্ধ নিহত হােৱা সৈন্য সম্পর্কে উল্লেখ

    কৰিছে। আলবৈৰ ৰণত একেদিনত দহ হেজাৰ অসমীয়া সৈন্য নিহত, হােৱাত সেনাপতি লাচিত

    বৰফুকনে বৰ বেজাৰ পাইছিল। লাচিত বৰফুকনে অসমীয়া সৈন্যসকলৰ ওপৰত বৰ গুৰুত্ব

    দিছিল। স্বৰ্গদেৱৰ অবিবেচনাৰ বাবে একেদিনে ইমান সৈন্য নিহত হৈছিল। লাচিত বৰফুকনে

    কৈছিল—একোটা সৈন্য একোটা হাতীৰ সমান, তেনে সৈন্য তেওঁ দহ হেজাৰ হেৰুৱালে। এই

    কথা তেওঁ স্বৰ্গদেৱক জনাব খােজাত ৰাজমন্ত্রী বুঢ়াগোঁহাই ডাঙৰীয়াই বাধা দি কৈছিল—“বাৰীৰ

    ভিতৰৰ পুখুৰী সিটোতেও আঠোটা-দহােটা মানুহক শিঙিয়ে বিন্ধে। এইটো ৰণহে হৈছে। এই

    জানি দুই-চাৰিজন লােক কিয় নপৰিব? এই কথা ৰজাক জনােৱা ভাল নহয়।” বুঢ়াগােহাঁইয়ে

    এইদৰে কৈছিল কাৰণ তেওঁ ভাবিছিল যে যুদ্ধ হলে কিছু সংখ্যক লােকৰ মৃত্যু হ'বই। নিজৰ

    বাৰীৰ ভিতৰত থকা পুখুৰীটো সিৰ্চোতে যেনেকৈ মানুহক শিঙি মাছে বিন্ধে, সেইদৰে এখন যুদ্ধত

    সৈন্য নিহত হােৱাটো স্বাভাৱিক। গতিকে তেওঁ কথাটো ৰজাক নজনাবলৈ কৈছিল। কিন্তু লাচিত

    বৰফুকনে এই ঘটনাত বৰ দুখ পাইছিল আৰু ৰাজমন্ত্ৰীৰ দৰে সহজভাৱে ল'ব পৰা নাছিল।


    (গ) সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।”

    উত্তৰ:

    উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিত থকা ড° সূর্যকুমাৰ ভূঞাই লিখা যুগমীয়া শৰাইঘাট' নামৰ

    পাঠটোৰপৰা তুলি দিয়া হৈছে।

    ইয়াত লেখকে শৰাইঘাটৰ যুদ্ধৰ বিষয়ে উল্লেখ কৰিছে। সুবিবেচনাৰে কাৰ্যপন্থা৷ নিৰূপণ

    আৰু ক্ষিপ্রভাৱে কার্যপন্থা গ্রহণ আৰু সম্পাদনেই আছিল শৰাইঘাটৰ ৰণৰ বিজয়ৰ কাৰণ।

    শৰাইঘাট ৰণৰ কাৰ্যপন্থা অতুলনীয়, ই অসমীয়াৰ বাবে আৱশ্যক আছিল আৰু ভৱিষ্যতেও

    আৱশ্যক হ'ৰ। সৈন্যবাহিনীৰ বিভিন্ন অংগ যেনে—ঘোঁৰা, নাও-নাৱৰা, অস্ত্র-শস্ত্র, চাউল-যােগনীয়া

    আদি প্রত্যেকে লগ লাগি দেশৰ মঙ্গলৰ বাবে কাম কৰিব নােৱাৰিলে বিষম বেমেজালি আৰু

    অনিষ্ট হয়। আগৰ দিনৰ শৰাইঘাটৰ সমস্যা আছিল সামৰিক কিন্তু বর্তমান যুগত শৰাইঘাটৰ

    সমস্যা অনেক। সেয়ে লেখকে কৈছে-শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। অথাৎ শৰাইঘাটৰ

    যুদ্ধ এতিয়া নাই কিন্তু শৰাইঘাট যুদ্ধৰ আদৰ্শ এতিয়াও আছে।


    (ঘ) আফগুটি পঠিয়াইছা পটাত ছিল পানী হব।

    উত্তৰঃ

    উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিত থকা ড° সূর্যকুমাৰ ভূঞাই ৰচনা কৰা যুগমীয়া শৰাইঘাট’

    নামৰ পাঠটোৰপৰা তুলি দিয়া হৈছে।

    উক্ত কথাফাকি ৰজা ৰামসিংহক আহােম সেনাপতি লাচিত বৰফুকনে কৈছিল। মােগল

    সেনাপতি ৰজা ৰামসিংহই কটকী পঠাই লাচিত বৰফুকনলৈ এটোপােলা আফুগুটি দিছিল আৰু

    কৈছিল তাত থকা আফুগুটিৰ সংখ্যা মােগল সেনাৰ সমান। ৰামসিংহই ভাবিছিল যে সেইদৰে

    মােগল সেনাৰ সংখ্যা বুজালে লাচিত বৰফুকনে। ভয় খাব আৰু যুদ্ধ ত্যাগ কৰিব। কিন্তু লাচিত

    বৰফুকনে উত্তৰত কটকীক কৈছিল যে ৰামসিংহই আফুগুটি দিছে পটাত পিহিলে পানী হ'ব।

    লাচিতৰ প্রত্যুত্তৰৰপৰাই তেওঁৰ নিৰ্ভীকতাৰ পৰিচয় পােৱা যায়।


    Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer



    (ঙ) এই সমস্যাবােৰৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব।

    উত্তৰঃ

    উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া

    শৰাইঘাট' নামৰ পাঠটিৰপৰা তুলি দিয়া হৈছে।

    বর্তমান শৰাইঘাটৰ (অর্থাৎ অসমৰ) সমস্যাবােৰৰ কথাক প্রসঙ্গ কৰি লেখকে এই কথাষাৰ কৈছে। অতীতৰ শৰাইঘাটৰ সমস্যা আছিল কেৱল সামাজিক। কিন্তু বর্তমানৰ

    শৰাইঘাটৰ সমস্যাবােৰ হৈছে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। অসমৰ

    বিভিন্ন সমস্যা হৈছে বছৰি হােৱা বানপানীৰ দুর্যোগ, খৰাং বতৰৰ দুর্যোগ, মাৰি-মৰক, ভূমিকম্প,

    দাঁতিকাষৰীয়া জাতি-জনজাতিৰ সৈতে মতভেদ, বিশ্বজগতৰ লগত যােগাযােগ আৰু চলাচল

    ব্যৱস্থা, মানুহৰ বেয়া প্রবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক তথা প্রশাসনীয় সমস্যা ইত্যাদি।

    এই সমস্যাবােৰ একেৰাহে চলি থাকিলে অসমৰ অস্তিত্ব নাথাকিব বুলি লেখকে মন্তব্য কৰিছে।


    খ: ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)


    প্রশ্ন ৭ ) তলৰ শব্দবােৰ উদাহৰণ

    দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা।

    নিশ্চয়।

    উ: অসমীয়া ব্যাকৰণত পাবা




    Conclusion 

    Dear students, we hope this Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer article helps you with your Class 8 Exam preparation. We keep posting good articles for you guys every day like this so that you can be well prepared for your exams. In this post, just as we talked about the Class 8 Question Answer Assamese | যুগমীয়া শৰাইঘাট পাঠটিৰ প্ৰশ্ন উত্তৰ | SEBA Class 8 Assamese Lesson Question Answer, we will also talk about the others years' SEBA Class 10 Question Paper in the upcoming post as well. Thanks For Visit Our Blog.

    1 Comments

    1. All the Q. Answers are not given..disappointed😑

      ReplyDelete

    Please do not enter any spam link in the comment box